00:00
05:53
বৰ্তমান এই গীত সম্পৰ্কীয় কোনো তথ্য উপলব্ধ নাই।
উন্মনা মোৰ হৃদয়ত
ৰামধেনু হৈ আহা
সাটোৰঙী ৰঙেৰে
বুকুতে বিয়পা
অভিমানী ডাৱৰে
কিনো কয় গোপনে
তুমিও শুনা না নীৰৱে
বহেমীয়া মনতে
স্মৃতি বোৰ সাঁচিছো
আঁকোৱালি লোৱা না চৌপাশে
প্ৰহেলিকা হৈ
মোৰে কাষলৈ
আহানা এবাৰ
খোঁজে খোঁজে থাকিব মৰম
উশাহ নামিছে
বুকু কঁপিছে
তোমাকে দেখি
দুটি নয়নৰ কি যে সোঁৱৰণ
তুমি মোৰ
মই তোমাৰ
এক হৈ ৰম সদায়
তুমি মোৰ
মই তোমাৰ
এক হৈ ৰম সদায়
♪
একাজলী সপোনে
তোমাৰে নাম চিঞৰে
তোমাৰ সমান হব কোন
তুমি জানো বুজানে
অবুজন হিয়াতে তোমাৰেই কাহিনী
ভালপাওঁ বুলি এবাৰ কোৱানা
হবানে সাৰথি
সপোনৰে সুৰভি
হাততে হাত ধৰি চোৱানা
♪
সপোনতো দিঠকতো
তুমি তুমিয়েই জানা
হেজাৰৰে মাজতে মই
তোমাকে বাছিম চাবা
সপোনতো দিঠকতো
তুমি তুমিয়েই জানা
হেজাৰৰে মাজতে মই
তোমাকে বাছিম চাবা
তুমি মোৰ
মই তোমাৰ
এক হৈ ৰম সদায়
মোৰ শেষ উশাহ
তোমাতেই লিন সদায়
♪
জনমে জনমে তুমি
জীৱনে মৰণে তুমি
সাঁচি ৰখা মোৰে পূৰ্ণিমা
উশাহে নিশাহে তুমি
আকাশে বতাহে তুমি
তুমিয়েই আছা
জনমে জনমে তুমি
জীৱনে মৰণে তুমি
সাঁচি ৰখা মোৰে কবিতা
উশাহে নিশাহে তুমি
আকাশে বতাহে তুমি
তুমিয়েই আছা