00:00
03:21
এই গানটো সম্পৰ্কে বৰ্তমান কোনো সম্বন্ধিত তথ্য উপলব্ধ নহয়।
ধৰিছোঁ দেই
এ, বাবাটো আহিছে, মুঢ়া এটা দে
♪
বান্ধৱ কৃষ্ণ
♪
কলিৰে কালতে কি দিন আহিলে!
ডিঙিৰ টেঁটুলে'কে ধাৰ মোৰ লাগিলে
♪
Hawaii ছেণ্ডেলযোৰৰ ফিটাডাল ছিগিলে (কি কৱ?)
মৰমৰ ছলেৰে তাই মোক ঠগিলে
অ', ঈশ্বৰে স্ৰজিলে খৰখেদাকৈ
কপালত আহিলোঁ ফুটা এটা লৈ
সাঁতুৰি-নাদুৰি পাৰ হোৱালৈ
মই চোন ঢুকামগৈ
ইটো নাই, সিটো নাই, ভাগি-গুণি লাভ নাই
যেনি নিয়ে তেনি যায় (ঐ, বিদুৰভাই)
মাথাৰ pressure হায়, দিঙিচকে' মাৰি যায়
কিবা অকণ দিওঁ খাই (এ, বিদুৰভাই)
♪
এ, মানুহজনীয়ে কৈ যায় কৈ যায় সপোন পূৰাবলে'
বোলে— "কামৰে মাজতে বাৰিষাকালতে নিবাঁ শ্বিলঙলে'"
লাগে, মইনা, যাম-যাম-যাম-যাম-যাম
Waterfall চাম-চাম-চাম-চাম-চাম
কাঁটাচামুচেৰে খাম-খাম-খাম-খাম-খাম
যিমানেই হওক দাম-দাম-দাম-দাম-দাম
ঐ, পটককে' আনি দে দোকানলে' গৈ
ঘটককে' মাৰি দিওঁ জলকীয়া লৈ
সাঁতুৰি-নাদুৰি পাৰ পোৱালৈ
মই চোন ঢুকামগৈ
ইটো নাই, সিটো নাই, ভাগি-গুণি লাভ নাই
যেনি নিয়ে তেনি যায় (একো লাভ নাই)
মাথাৰ pressure হায়, দিঙিচকে' মাৰি যায়
কিবা অকণ দিওঁ খাই
♪
আও হৰি, আও ৰাম