background cover of music playing
Tupal - Bhaskar Opswel

Tupal

Bhaskar Opswel

00:00

05:53

Similar recommendations

Lyric

বাৰিষাৰে বৰষুণে

তিয়ালেহি মনে মনে

অভিমানী সপোনতে তুমি মোৰ হোৱা

মিঠা মিঠা আৱেগেৰে

ঢৌ খেলা মৰমেৰে

পলকতে ধুমুহা হৈ নামি আহা

ক'লা ক'লা মেঘে

কিয় বাৰে বাৰে

নিৰাশাৰে ভাষা সোঁৱৰায়?

বাৰিষাৰে বৰষুণে

তিয়ালেহি মনে মনে

অভিমানী সপোনতে তুমি মোৰ হোৱা

মেঘালীৰ আঁৰে-আঁৰে

এহেজাৰ ভাৱনাতে

কাষৰ নীলাখিনি মোৰ হোৱা

নামি অহা টোপালতে

দিঠকতে ধীৰে ধীৰে

বৰষা আহিচোন মোৰেই হিয়াত

প্ৰহৰৰে বৰষুণে

ভালপোৱাৰ দোলাতে

কিয় যে তোমাক বিচাৰে!

বাৰিষাৰে বৰষুণে

তিয়ালেহি মনে মনে

অভিমানী সপোনতে তুমি মোৰ হোৱা

কাগজৰে ভাঁজে-ভাঁজে

নাওখনে ক'ব খোজে নুবুজা ভাষা

প্ৰণয়ৰে বৰষুণে

ক'ব খোজে ল'ৰালিৰ চিনাকি কবিতা

অ', সমীৰে দিবগৈ

উশাহ ভিজা ওঁঠত

মাথোঁ তুমি মোৰেই হোৱাঁ

বাৰিষাৰে বৰষুণে

তিয়ালেহি মনে মনে

অভিমানী সপোনতে তুমি মোৰ হোৱা

- It's already the end -